20/06/2026
পথাৰৰ সেউজীয়া, নদীৰ নীলা
তেজৰ ৰং জানো ভাগৰে,
পোহৰ পোহৰ খেলি?
ক্ষমতাৰ খেতিয়কবোৰে ভাবে
মূৰত এটা জাপি পিন্ধি
ঢাকিব পাৰিব বেলি।
শিলত গজা পুলি এটাৰ
অৰণ্য বিলাসী প্ৰাণ
ভৰ বাৰিষাৰ বানে হেঁচিও
মাৰিব নোৱাৰা ধান;
তেওঁৰ এটি এটি গান।
বজ্ৰ, বৰষুণ, চাক্নৈয়াতো
সাহস খোদিত ব’ঠা
আৰ্তজনৰ ন্যায়ৰ দাবীত
মিছিল গঢ়ি উঠা,
তেওঁৰ এটি এটি কথা।
দেৱালৰ ছবি মচি তৃপ্ত হোৱাবোৰক
সুধিব খুজিছোঁ-
কিদৰে মোহাৰিবা পৰাণৰ প্ৰতিমা!
হৃদয়ে হৃদয়ে যাৰ নামৰ থাপনা,
ক’ত পঠিয়াবা ঠেলি?
ক্ষমতাৰ খেতিয়কবোৰে ভাবে
মূৰত এটা জাপি পিন্ধি
ঢাকিব পাৰিব বেলি!
Garrima Saikia Garg
Dr-Palmee Borthakur
Utpal Sarma