16/01/2026
ৰাজনীতি একেবাৰে নুবুজাও নহয় হয়তো এই ক্ষেত্ৰত কিছুমান অভিজ্ঞ বা চিনিয়ৰ হ’ব পাৰে, কিন্তু এটা বিশেষ জনগোষ্ঠীক কেন্দ্ৰ কৰি সংগঠন গঢ়িলেই গোটেই জাতিৰ ঠিকাদাৰী কোনো একে মানুহৰ হাতত নাথাকে। জাতিৰ কথা কওঁতে দায়িত্ববোধ আৰু সময়বোধ দুয়োটাই থাকিব লাগে।
বৰ্তমান সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল হাইস্কুল শিক্ষান্ত আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। ঠিক এনে গুৰুত্বপূৰ্ণ সন্ধিক্ষনত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত অতিথি হৈ দীঘল দীঘল ভাষণ দি “শিক্ষাৰ বিকাশ”ৰ কথা কৈ পৰিবেশ উত্তেজিত কৰা কাৰ্যই শিক্ষাৰ সহায় কৰে নে বাধা দিয়ে—সেইটো প্ৰশ্নযোগ্য। এইবোৰ কাৰ্য অধিকাংশ ক্ষেত্ৰত জাতি উদ্ধাৰৰ নামত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ এক মাধ্যম হৈ পৰে।
যদি সত্যই শিক্ষাৰ উন্নয়ন লক্ষ্য হয়, তেন্তে কেৱল মুখেৰে ভাষণ দিয়াই যথেষ্ট নহয়। হাতে-কলমে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিবলৈ শিক্ষামূলক পদক্ষেপ গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয়। ইমান দিনে কোনো ৰাজনৈতিক সংঘাতে ৰিস্ক নোলোৱাকৈ MLA হোৱাৰ সপোন দেখি দল-বদল কৰা ঘটনাবোৰে জনসাধাৰণৰ ভাবিব লগীয়া বিষয় হৈ আছে।
ইতিমধ্যে যোৱা বছৰ NEET পৰীক্ষাৰ ফলাফলৰ পাছত ৰাজ্যজুৰি হোৱা হুলস্থুলৰ ফলত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত আসন হ্ৰাস পালে। এইবাৰ আকৌ জম্মু-কাশ্মীৰস্থিত এখন Institute-ত NEET পৰীক্ষাত ৫০ জনৰ ভিতৰত ৪২ জন মুছলমান ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বাবেই বজৰংদলৰ প্ৰতিবাদত চৰকাৰে Institute খন বন্ধ কৰিবলৈ বাধ্য হ’ল। এইবোৰ ঘটনাই প্ৰমাণ কৰে যে শিক্ষাৰ ক্ষেত্ৰতো ৰাজনীতি আৰু ধৰ্মীয় উন্মাদনা কেনেকৈ ক্ষতিকাৰক প্ৰভাৱ পেলাইছে।
সেয়ে ব্যক্তিগত বা ৰাজনৈতিক আত্মপ্ৰচাৰৰ নামত শৈক্ষিক আৰু সামাজিক পৰিবেশ বিনষ্ট নকৰাটোৱেই সকলোৰে বাবে মঙ্গলজনক। আজিকালি কোনো সচেতন অভিভাৱকে নিজৰ সন্তানক অশিক্ষিত কৰি ৰাখিব নিবিচাৰে। আমাৰ অঞ্চলত দিন হাজিৰা কৰা মানুহৰ সন্তানেও ইংৰাজী মাধ্যমত পঢ়িবলৈ চেষ্টা চলাইছে—এইটো সমাজৰ সজাগতাৰ প্ৰমাণ। এই সজাগতাক উন্মাদনাৰে নহয়, সঠিক নীতি আৰু কৰ্মৰ দ্বাৰাই সহায় কৰা উচিত।