Enamul Hoque From Assam

Enamul Hoque From Assam সদায় সত্য পথত অবিচল হৈ থকাটো মোৰ লক্ষ

My Official page. President of SiO of india, Barpeta Unit

শিৱসাগৰৰ বান-পীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ এক সৰু প্ৰয়াস।বানপানীৰ ফলত বহু পৰিয়ালে হেৰুৱাইছে স্বাভাৱিক জীৱন-যাপন...
11/08/2026

শিৱসাগৰৰ বান-পীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ এক সৰু প্ৰয়াস।

বানপানীৰ ফলত বহু পৰিয়ালে হেৰুৱাইছে স্বাভাৱিক জীৱন-যাপন। এনে কঠিন সময়ত বান-পীড়িত পৰিয়ালসমূহৰ কাষত থিয় হৈ কিছু জৰুৰী প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ উদ্দেশ্যে সাহায্য প্ৰদান আৰু সামগ্ৰী বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই মানৱীয় প্ৰয়াসৰ যৌথ নেতৃত্বত আছে—

Society For HELP Foundation ,অসমৰ
সভাপতি -আব্দুল জুব্বাৰ আলী,
হাউলী জয়পুৰ বজাৰস্থিত ঘিলাজাৰী গাঁৱৰ যুৱ সমাজকৰ্মী।

IMDAD EDUCATIONAL & CHARITABLE TRUST
সভাপতি -হাফিজ ইমদাদুল ইছলাম।
দুয়োগৰাকী সমাজকৰ্মীৰ যৌথ নেতৃত্বত বান-পীড়িত পৰিয়ালসমূহৰ মাজত বিভিন্ন জৰুৰী প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি তেওঁলোকৰ দুখ-কষ্টৰ সময়ত কিছু সকাহ দিয়াৰ প্ৰয়াস কৰা হৈছে।

আহক, আমি সকলোৱে একেলগে বান-পীড়িত পৰিয়ালৰ কাষত থিয় দিওঁ।
মানৱতাৰ এই যাত্ৰাত আপোনাৰ অকণমান সহায়ো কাৰোবাৰ বাবে ডাঙৰ আশাৰ কাৰণ হ'ব পাৰে।
মানুহ মানুহৰ বাবে…
মানৱতাই হওক আমাৰ পৰিচয়।

08/08/2026

In the midst of the floods, it's the kindness of strangers that keeps us going. Seeing this woman's relief is a powerful reminder of why we must stand together. 💔 How are you helping your community today?

Send a message to learn more

শিৱসাগৰৰ বান-বিধ্বস্ত ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰস্তুতিশিৱসাগৰৰ বান-বিধ্বস্ত পৰিয়ালসমূহৰ মাজত জৰুৰী সাহায্য সামগ্ৰী লৈ উ...
08/08/2026

শিৱসাগৰৰ বান-বিধ্বস্ত ৰাইজৰ কাষত থিয় দিয়াৰ প্ৰস্তুতি

শিৱসাগৰৰ বান-বিধ্বস্ত পৰিয়ালসমূহৰ মাজত জৰুৰী সাহায্য সামগ্ৰী লৈ উপস্থিত হোৱাৰ বাবে Society For HELP Foundation, Assam, IMDAD EDUCATIONAL & CHARITABLE TRUST আৰু Rowmari Public Welfare Society-ৰ যৌথ উদ্যোগত প্ৰস্তুতি চলিছে।
বানপীড়িত ৰাইজৰ প্ৰয়োজনীয়তা বিবেচনা কৰি বিভিন্ন জৰুৰী সামগ্ৰী পেকেজ প্ৰস্তুত কৰা হৈছে। এই সামগ্ৰীসমূহ শীঘ্ৰে শিৱসাগৰৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হ’ব।
এই যাত্ৰা কেৱল সাহায্য বিতৰণৰ নহয়-
ই মানৱতাৰ, সহমৰ্মিতাৰ আৰু একেলগে থিয় দিয়াৰ এক সৰু প্ৰয়াস।

আহক, বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিওঁ।

বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আন্তৰিক আবেদনউজনি অসমৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়কআমাৰ সশ্ৰদ্ধ ছালাম  তথা নম...
25/07/2026

বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আন্তৰিক আবেদন

উজনি অসমৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়ক

আমাৰ সশ্ৰদ্ধ ছালাম তথা নমস্কাৰ গ্ৰহণ কৰিব।

শেহতীয়াকৈ উজনি অসমৰ বিশেষকৈ শিৱসাগৰ¸ যোৰহাট¸ গোলাঘাট আৰু চৰাইদেউ জিলা সামৰি হোৱা ভয়াৱহ বানপানীয়ে হাজাৰ হাজাৰ পৰিয়ালক গভীৰ সংকটত পেলাইছে। বহু লোক গৃহহীন হৈছে। মানুহৰ লগতে পশুধনৰ মৃত্যুৰ লগতে বিস্তৰ ক্ষতি হৈছে ।খাদ্য, বিশুদ্ধ খোৱাপানী, ঔষধ, বস্ত্ৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত কষ্টৰে দিন অতিবাহিত কৰিছে।

এই দুৰ্যোগৰ সময়ত 'SOCIETY FOR HELP FOUNDATION, ASSAM' নামৰ বেচৰকাৰী সংস্থাই বানপীড়িত পৰিয়ালসমূহৰ মাজত জৰুৰী সাহায্য সামগ্ৰী বিতৰণৰ উদ্যোগ গ্ৰহণ কৰিছে।

এই মানৱীয় কাৰ্যসূচীত আপোনাৰ আন্তৰিক আৰ্থিক সহায় আৰু সুপৰামৰ্শ তথা সহযোগিতা বিনম্ৰভাৱে কামনা কৰিছোঁ।

প্ৰয়োজনীয় সাহায্য সামগ্ৰী:
• বিশুদ্ধ খোৱাপানী
• চাউল আৰু শুকান খাদ্য
• বিস্কুট আৰু ইনচটেণ্ট খাদ্য
• ঔষধ
• কাপোৰ
• ছেনিটাৰী পেড
• চাবোন আৰু স্বাস্থ্য সামগ্ৰী
• মহ নিৰোধক ধূপ
• মমবাতি, আদি।

---সবিশেষ--

Phonepe Number
9435491357

Abdul Jabbar Ali

A/C: 486502120003864
IFSC code UBIN0548651

নাইবা তলত দিয়া QR Code-ৰ জৰিয়তে আপুনি আপোনাৰ অনুদান আগবঢ়াব পাৰিব।

যোগাযোগ:
📞 70021 06599
📞 91016 26463
📞 9101977848

ধন্যবাদেৰে
আব্দুল জুব্বাৰ আলী,সভাপতি,
ইনামুল হক,কাৰ্যকৰী সভাপতি,
ছাহেদ আলী আহমেদ,সম্পাদক - 'SOCIETY FOR HELP FOUNDATION ,ASSAM'

বিদ্ৰ: সামগ্ৰী যোগান বা পেমেন্ট কৰা স্ক্ৰীনশ্বট আমাক প্ৰেৰণ কৰিবলৈ আহ্বান জনালো!
দাতা¸ দান আৰু খৰচৰ পৰিমাণ বিতংকৈ প্ৰকাশ কৰা হব।

13/07/2026

যিয়ে আপোনাৰ কষ্ট নুবুজে, সি আপোনাৰ ত্যাগো বুজিব নোৱাৰে।

10/07/2026

বাড়িতে মাছ চাষ শুরু করলাম।
প্রথম দিনের ভিডিও

মাজগাওঁ নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ সন্মানীয় ড° জেহিৰুল ইছলাম ছাৰ - দায়িত্ব আৰু কৰ্মনিষ্ঠাৰ এক অনন্য উদাহ...
17/05/2026

মাজগাওঁ নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ সন্মানীয় ড° জেহিৰুল ইছলাম ছাৰ - দায়িত্ব আৰু কৰ্মনিষ্ঠাৰ এক অনন্য উদাহৰণ।

আজি ৰাতিপুৱা ১০ বজাত বিশেষ এটা কাৰণত আজি ছাৰক ফোন কৰিছিলোঁ। সুধিলোঁ ছাৰ ক’ত আছে আপুনি ?

ছাৰে উত্তৰত ক’লে কলেজত আছোঁ অলপ কাম কৰি আছোঁ। মই কলোঁ আজি দেখোন দেউবাৰ! আজিও কলেজত আপুনি ?

মনে মনে ভাবিলোঁ, যিগৰাকী অধ্যক্ষ দেওবাৰৰ দিনাও শিক্ষানুষ্ঠানৰ কামত ব্যস্ত থাকে, তেখেত নিশ্চয় দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি গভীৰভাৱে চিন্তা চৰ্চা কৰা সচেতন এজন শিক্ষাবিদ। আলোচনাৰ মাজতে ছাৰে ক'লে যে এইবাৰ উচ্চ মাধ্যমিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগেএক সোণালী সুযোগ প্ৰদান কৰিছে।

হৈ যোৱা HS পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীয়ে অনলাইন যোগে Darpan / SUJOG Re-Admission Portalৰ জৰিয়তে পুনৰ আবেদন কৰিব পাৰিব।
মই ভাবিলোঁ, এই গুৰুত্বপূৰ্ণ খবৰটো ৰাইজৰ মাজত প্ৰচাৰ হ’লে বহু শিক্ষাৰ্থী উপকৃত হ’ব। সেই উদ্দেশ্যে মাজগাওঁ নৱশক্তি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত গৈ ছাৰৰ সৈতে সাক্ষাৎ কৰিলোঁ আৰু কিছু সময় মত বিনিময় কৰাৰ লগতে একেলগে এখন স্মৃতিময় ছবি তুলিলোঁ।
শেষত মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ
আল্লাহ তায়ালাই ড° জেহিৰুল ইছলাম ছাৰক সু-স্বাস্থ্য আৰু অধিক শক্তি প্ৰদান কৰে, যাতে তেখেতে আগন্তুক দিনতো শিক্ষাৰ ক্ষেত্ৰত এনেদৰে সমাজত সেৱা আগবঢ়াই যাব পাৰে।

21/03/2026

দেশবাসী সবাইকে জানাই ঈদ মোবারক।
বরপেটা জিলার পাকাবেতবারির সমষ্টির অন্তর্গত আমাদের রৌমারী ঈদগাহ সকাল ৯ টাই ঈদের নামাজের জামাত অনুষ্ঠিত হয়।

🎓 School Website / School Management ERP 🌐আপোনাৰ বিদ্যালয়ক আধুনিক আৰু ডিজিটেল ৰূপ দিয়ক! ✅ Online Admission✅ Student & ...
16/02/2026

🎓 School Website / School Management ERP 🌐
আপোনাৰ বিদ্যালয়ক আধুনিক আৰু ডিজিটেল ৰূপ দিয়ক!
✅ Online Admission
✅ Student & Academic Management
✅ Attendance Tracking
✅ Examination & Result System
✅ Mobile Responsive Student Portal
✅ ID Card Management
✅ সম্পূৰ্ণ Data Security

একেটা প্লাটফৰ্মত বিদ্যালয়ৰ সকলো ব্যৱস্থাপনা
📞 যোগাযোগ কৰক: 9101626463
আপোনাৰ বিদ্যালয়ৰ বাবে এক সম্পূৰ্ণ ডিজিটেল সমাধান

Address

Hedayetpur-Guwahati
Guwahati
781003

Opening Hours

Monday 12am - 12am
Tuesday 12am - 12am
Wednesday 12am - 12am
Thursday 12am - 12am
Friday 12am - 12am
Saturday 12am - 12am

Website

Alerts

Be the first to know and let us send you an email when Enamul Hoque From Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category