07/05/2026
ৰাইজৰ আদালতত এটি বলিষ্ঠ আহ্বান "মাটি আৰু মানুহৰ যুঁজ অবিৰত থাকিব!"
অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ ফলাফল ঘোষণাৰ পাছত সমগ্ৰ ৰাজ্যতে এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন নাগৰিক সমাজ আৰু আমাক বিশ্বাস কৰা প্ৰতিজন ভোটাৰৰ বাবে মই, জিণ্টু পাটগিৰি, লৈ আনিছোঁ এই 'ৰাজহুৱা মুকলি চিঠি'।
নিৰ্বাচনত জয়-পৰাজয় এক সাময়িক প্ৰক্ৰিয়া, কিন্তু আমাৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম এক চিৰন্তন যাত্ৰা। এই চিঠিৰ জৰিয়তে আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সংকল্প উত্থাপন কৰিছো-
• জনদেশৰ স্বৰূপ আৰু বিসংগতি : নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজত যি পৰিৱৰ্তনৰ প্রবল বতাহ দেখা গৈছিল, ফলাফলত তাৰ প্ৰতিফলন নোহোৱাটোৱে গণতন্ত্ৰৰ পবিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধী ভোট বিভাজনে কাৰ পথ সহজ কৰি দিলে, সেয়া আজি গভীৰ আত্মবিশ্লেষণৰ বিষয়।
• নিৰ্বাচনী বিভাগৰ স্বচ্ছতা : গণতন্ত্ৰৰ স্তম্ভ নিৰ্বাচনী বিভাগৰ নিৰপেক্ষতাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা সন্দেহ দূৰ কৰিবলৈ আমি এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছোঁ।
• সংগ্ৰামী অভিনন্দন : নিৰ্বাচনৰ জিকা-হৰাই আমাৰ মাটিৰ যুঁজ স্তব্ধ কৰিব নোৱাৰে। শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়া আৰু মেহবুব মুক্তাৰ ডাঙৰীয়াৰ বিজয়ে প্ৰমাণ কৰিছে যে ৰাইজৰ আস্থা আজিও সংগ্ৰামী কণ্ঠৰ ওপৰত আছে।
• ভৱিষ্যতৰ সংকল্প : পৰাজয় মানেই থমকি ৰোৱা নহয়। উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ যুৱ সমাজক একগোট হৈ চৰকাৰৰ জনবিৰোধী আৰু খিলঞ্জীয়া বিৰোধী নীতিৰ বিৰুদ্ধে ৰাজপথৰ সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ আহ্বান জনাইছোঁ।
"ৰাইজেই ৰজা — আমাৰ মাটি আৰু মানুহৰ যুঁজ অবিৰত থাকিব।"
প্ৰতিশ্ৰুতিবদ্ধ যুৱ সমাজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় শক্তিৰ ঐক্যবদ্ধ প্রয়াসেই হ'ব আমাৰ ভৱিষ্যতৰ মূল শক্তি।
ধন্যবাদেৰে,
A Bold Call in the People’s Court "The Battle for Land and People Shall Continue!"
Following the announcement of the 2026 Assam Assembly Election results, a mixed reaction has emerged across the state. For the conscious citizens of the Northeast and every voter who believed in us, I, Jintu Patgiri, present this ‘Public Open Letter.’
Victory and defeat in elections are temporary processes, but the struggle to protect our nation’s (community’s) existence is an eternal journey. Through this letter, we raise several important questions and resolves-
• The Nature of the Mandate and Anomalies : The strong wave of change seen among the people before the election was not reflected in the results, raising questions about the sanctity of democracy. It is a matter of deep introspection as to whose path was made easier by the division of opposition votes.
• Transparency of the Election Department : To dispel the doubts arising among the public regarding the neutrality of the Election Department—a pillar of democracy—we demand a high-level inquiry.
• Revolutionary Congratulations : Winning or losing an election cannot stop our struggle for the soil. The victories of respected Akhil Gogoi Dangoriya and Mehbub Muktar Dangoriya prove that the people’s trust still lies with the voice of struggle.
• Future Resolve : Defeat does not mean stopping. I call upon the youth of the eight states of the Northeast to unite and intensify the struggle on the streets against the government's anti-people and anti-indigenous policies.
"The People are Sovereign — Our struggle for land and people shall continue."
The united efforts of the committed youth and the national (regional) forces of the Northeast will be our core strength for the future.
With thanks,
|| JAI AAI ASOM || || NORTH-EAST LONG LIVE ||