10/09/2026
অধিকাৰ হৰণৰ বৈষম্যমূলক ৰাজনীতি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন খিলঞ্জীয়াৰ অসিধাৰা সংগ্ৰামৰ এক নিৰ্ভীক আহ্বান
উত্তৰ-পূৰ্বাঞ্চল আজি কেৱল ভূ-ৰাজনৈতিক বৈচিত্ৰ্যৰ এখন মনোৰম ভূগোল হৈ থকা নাই; ই হৈ পৰিছে নিৰৱচ্ছিন্ন শোষণ, সাংবিধানিক প্ৰবঞ্চনা আৰু খিলঞ্জীয়াৰ অস্তিত্ব হৰণৰ এক ধাৰাবাহিক যুদ্ধক্ষেত্ৰ। নামনিৰ পৰা উজনিলৈ, ভৈয়ামৰ পৰা পাহাৰলৈ—আমাৰ থলুৱা অধিকাৰ আৰু ভূমিপুত্ৰসকলৰ জন্মস্বত্বাক লৈ যি ৰাজনৈতিক হেলাৰাঙা চলোৱা হৈছে, সি কেৱল গ্ৰহণযোগ্যেয়েই নহয়, বৰঞ্চ এক গভীৰ সামাজিক আৰু ইতিহাসপ্ৰদত্ত ব্যভিচাৰ।
নীতি-নিয়মৰ সুৰুঙাৰে যেতিয়া থলগিৰিৰ মাটিৰ ওপৰত বহিৰাগত পুঁজিপতিৰ কূটাঘাত পৰে, যেতিয়া জনজাতীয় স্বায়ত্তশাসনৰ সাংবিধানিক সুৰক্ষাক দলীয় স্বাৰ্থৰ অংকত ধূলিসাৎ কৰা হয়, আৰু যেতিয়া আমাৰ অগণন যুৱ প্ৰজন্মৰ শৈক্ষিক-সামাজিক ভৱিষ্যতক কেৱল ৰাজনৈতিক নিৰ্বাচনী বাকচৰ ঘুটি কৰা হয়—তেতিয়া নিৰৱ দৰ্শক হৈ থকাটো অকল ক্লীবতাই নহয়, বৰঞ্চ নিজৰ ঐতিহাসিক পৰিচয়ৰ প্ৰতি চৰম বিশ্বাসঘাতকতা!
আমাক না লাগে ভুৱা প্ৰতিশ্ৰুতিৰে আবৃত চাটুকাৰিতাৰ ৰাজনীতি! আমাক লাগে নিজৰ ভিটিৰ ওপৰত থলুৱাৰ অনস্বীকার্য জন্মস্বত্বাধিকাৰ, সংবিধান প্ৰদত্ত জনজাতীয় স্বায়ত্তশাসনৰ অখণ্ড সুৰক্ষা, আৰু আমাৰ ভাষা, সাহিত্য তথা সংগ্ৰামী সংস্কৃতিৰ চিৰন্তন স্বকীয়তা।
আমাৰ নিৰ্ভীক প্ৰশ্নসমূহ
• মাটিৰ অধিকাৰ : খিলঞ্জীয়াৰ পৈতৃক ভিটি আৰু মাটিৰ অধিকাৰ কোনো কৰুণা বা ৰাজনৈতিক ভিক্ষা নহয়; ই আমাৰ পৱিত্ৰ জন্মস্বত্ব। থলুৱাৰ মাটিক পুঁজিপতিৰ বজাৰ কৰিব বিচৰা প্ৰতিটো ৰাজনৈতিক চক্ৰক প্ৰতিহত কৰা হ’ব।
• জনজাতীয় স্বায়ত্তশাসন : জনজাতীয় সমাজৰ সুকীয়া শাসনতান্ত্রিক মৰ্যাদা আৰু ঐতিহাসিক স্বকীয়তা নিঃশেষ কৰিব খোজা কাৰচাজীৰ বিৰুদ্ধে আমাৰ আইনী, বৌদ্ধিক তথা ৰাজপথৰ সংগ্ৰাম আৰু অধিক সংহাৰী হ’ব।
• বৌদ্ধিক ক্ৰান্তি আৰু যুৱ শক্তি : কেৱল অৰ্থহীন প্ৰতিবাদেৰে পৰিৱৰ্তন নাহে। আইনী সজাগতা, বৈচাৰিক দৃঢ়তা আৰু শিক্ষাৰ বৈপ্লৱিক বিকাশেৰে যুৱ প্ৰজন্মই সমাজ সংস্কাৰৰ নেতৃত্ব ল’বই লাগিব।
আমাক লাগে চিন্তা আৰু কৰ্মৰ এক সংগ্ৰামী মেলবন্ধন। আমাৰ লক্ষ্য স্পষ্ট, সংগ্ৰাম দীৰ্ঘম্যাদী। খিলঞ্জীয়াৰ মৰ্যাদা, অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ এই যাত্ৰাত কোনো আপোচৰ স্থান নাই!
"খিলঞ্জীয়াৰ অধিকাৰ, ভূমিৰ সুৰক্ষা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একত্ৰিত প্ৰগতি"
"থলগিৰিৰ মাটিৰ জন্মস্বত্বাধিকাৰ আৰু জনজাতীয় স্বায়ত্তশাসনৰ সংগ্ৰামী যাত্ৰা"
Discriminatory Politics of Deprivation and the Question of Self-Determination in the North-East A Fearless Call for the Indigenous Struggle
The North-East is no longer merely a picturesque geography of geopolitical diversity; it has become a continuous battleground of relentless exploitation, constitutional betrayal, and the erasure of indigenous existence. From lower to upper regions, from plains to hills—the political play with our native rights and the birthright of the sons of the soil is not only unacceptable but a deep social and historical outrage.
When the sharp blow of outside capitalists falls upon the land of the natives through loopholes in rules, when the constitutional protection of tribal autonomy is crushed for party political gains, and when the educational and social future of our vast youth generation is reduced to mere pawns in political ballot boxes—remaining a silent spectator is not just cowardice, but an ultimate betrayal of our historical identity!
We do not want politics of flattery wrapped in false promises! We demand the undeniable birthright of the natives over their own land, the integral protection of constitutionally granted tribal autonomy, and the eternal uniqueness of our language, literature, and militant culture.
Our Fearless Questions / Demands :
• Land Rights : The ancestral homeland and land rights of the indigenous people are not a matter of mercy or political charity; it is our sacred birthright. Every political circle trying to turn native land into a capitalist market will be resisted.
• Tribal Autonomy : Our legal, intellectual, and street struggles against the machinations aiming to erase the distinct administrative status and historical identity of tribal society will become even more fierce.
• Intellectual Revolution and Youth Power : Change will not come through meaningless protests alone. Through legal awareness, ideological firmness, and the revolutionary development of education, the youth must lead social reform.
We need a militant synthesis of thought and action. Our goal is clear, and our struggle is long-term. There is no room for compromise in this journey for indigenous dignity, rights, and self-determination!
"Indigenous Rights, Protection of Land, and United Progress of the North-East"
"The Struggle for Native Land Rights and Tribal Autonomy"
|| JAI AAI ASOM || || NORTH-EAST LONG LIVE ||