07/01/2026
📌খৈৰাবাৰিত অনুস্থিত হয় সপ্ত শক্তি সংগম২৬
👉বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ সংবদ্ধ, শিশু শিক্ষা সমিতিৰ অন্তগত শংকৰ দেৱ শিশু নিকেতন খৈৰাবাৰিত অনুস্থিত হয় সপ্ত শক্তি সংগম২৬, দিন যোৰা কাৰ্য্যসূছীৰে অনুস্থিত হয়। পুৱা পতাকা উত্তোলন, প্ৰানৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কৰা হয়। লগে লগে উদ্মোচন কৰা হয় প্ৰাচীপ্ৰত্ৰিকা। সমান্তৰাল ভাবে মাতৃ সকলৰ মাজত অনুষ্ঠিত হয় মুকলি কুইজ প্ৰতিয়োগীতা। কুইজ প্ৰতিয়োগীতাৰ অন্তত শিল্পীক শৰ্মাই আতধৰা আৰু নৰ্মদা কলিতাৰ সভাপতিত্বত আনুষ্ঠিত হয় মুকলি সভা। সভাত বিশেষ ভাবে উপস্থিত থাকে খৈৰাৱাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা সুবৰ্ণা দেৱী, খৈৰাৱাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী জোনালী ৰাজৱংশীৰ লগতে নিকেতনৰ প্ৰধান আচায্য ধৰ্মকান্ত ৰাজৱংশীৰ লগতে আচায্য-আচায্যা সকল।