Kalita Alpine Janagosthi

Kalita Alpine Janagosthi The indigenous people of the plains of the Brahmaputra Valley "Kalita Alpine Janagosthi"

05/09/2026

ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীক সমূহক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ।
ঐক্যবদ্ধ ভাৱে সংগ্ৰাম কৰিব লাগিব ।

কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, গুৱাহাটী মহানগৰ  জিলা সমিতিৰ অন্তৰ্গত কাইলৈ গুৱাহাটীস্থিত নাৰেংগি প্ৰাথমিক বিদ্যালয়ত দিনৰ...
05/09/2026

কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, গুৱাহাটী মহানগৰ জিলা সমিতিৰ অন্তৰ্গত কাইলৈ গুৱাহাটীস্থিত নাৰেংগি প্ৰাথমিক বিদ্যালয়ত দিনৰ ১০-৩০বজাত এখন সাংগঠনিক সভা অনুষ্ঠিত হব । গুৱাহাটী মহানগৰ জিলা সমিতিৰ অন্তৰ্গত সকলো স্ব-গোষ্ঠীয় ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল ।
🙏জয়তু কলিতা আলপাইন জনগোষ্ঠী সন্মিলন
গুৱাহাটী মহানগৰ জিলা সমিতি🙏

কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ধমধমা-চটাইবাৰী আঞ্চলিক সমিতিৰ কাইলৈ সাধাৰন সভা । ধমধমা-চটাইবা...
05/09/2026

কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ধমধমা-চটাইবাৰী আঞ্চলিক সমিতিৰ কাইলৈ সাধাৰন সভা । ধমধমা-চটাইবাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত সকলো স্ব-গোষ্ঠীয় ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল ।
🙏জয়তু কলিতা আলপাইন জনগোষ্ঠী সন্মিলন
নলবাৰী জিলা সমিতিৰ অন্তৰ্গত
ধমধমা -চটাইবাৰী আঞ্চলিক সমিতি 🙏

আজি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আমন্ত্ৰন মৰ্মে তেখেত সকলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত কলিতা আলপাইন জনগোষ্ঠী ...
04/09/2026

আজি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আমন্ত্ৰন মৰ্মে তেখেত সকলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, সদৌ কলিতা ছাত্ৰ সন্থা আৰু অসম ব্ৰাক্ষ্মণ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত "অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰন (সংশোধনী) বিধেয়ক-২০২৬"ৰ সম্পৰ্কত এখন প্ৰতিনিধিমূলক যৌথ সভা অনুষ্ঠিত হয় ।

সভাত কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ প্ৰতিনিধি হিচাপে সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ডাঃ পবিন্দ্ৰ নাথ তালুকদাৰ, সন্মিলনৰ কেন্দ্ৰীয় আইন উপদেষ্টা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰীযুত অমল কলিতা আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি শ্ৰীযুত ৰঘুনাথ ডেকা উপস্থিত থাকে ।

02/09/2026

ড° দিপাঙ্কৰ কলিতা আৰু অধিবক্তা শ্ৰীযুত কিশোৰ কুমাৰ কলিতা ডাঙৰীয়াই "অসম ভূমি আৰু ৰাজহ (সংশোধনী) বিধেয়ক-২০২৬ ৰ জৰিয়তে কলিতা সকলৰ হবপৰা অসুবিধা সম্পৰ্কত সুন্দৰ মন্তব্য আৰু যুক্তি আগবঢ়াইছে । দুয়োগৰাকী স্বগোষ্ঠীয় ব্যাক্তিকে কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ।  ইতিমধ্যে অসম ভূমি আৰু ৰাজহ(সংশোধনী) বিধেয়ক-২০২৬ৰ তীব্ৰ বিৰোধিতাৰে কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে গনতান্ত্ৰিক ভাৱে তিনিলানি আন্দোলন শেষ কৰিছো ।
চতুৰ্থলানি আন্দোলন অহা সপ্তাহৰ পৰা গোটেই অসমতেই আৰম্ভ কৰাৰ বাবে সন্মিলনৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লৈছে । সেয়েহে স্ব-গোষ্ঠীয় ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ।🙏

কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, গুৱাহাটী মহানগৰ জিলা সমিতিৰ অন্তৰ্গত ডিমৰীয়া আঞ্চলিক সমিতি গঠনৰ সাধাৰন সভাখন অহা ৬ চেপ্তে...
01/09/2026

কলিতা আলপাইন জনগোষ্ঠী সন্মিলন, গুৱাহাটী মহানগৰ জিলা সমিতিৰ অন্তৰ্গত ডিমৰীয়া আঞ্চলিক সমিতি গঠনৰ সাধাৰন সভাখন অহা ৬ চেপ্তেম্বৰ তাৰিখ ৰবিবাৰে অনুষ্ঠিত হব ।
আজি সন্মিলনৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি শ্ৰী ৰঘুনাথ ডেকা ডাঙৰীয়া আৰু গুৱাহাটী মহানগৰ মহিলা মঞ্চৰ কাৰ্যকৰী সভানেত্ৰী শ্ৰী জোনালী কলিতা ডাঙৰীয়ানীয়ে ডিমৰীয়াত উপস্থিত হৈ কেইগৰাকীমান আহ্বায়কৰ পৰা আগন্তুক সাধাৰন সভাৰ প্ৰস্তুতিৰ বুজ লয় ।

🙏 জয়তু কলিতা আলপাইন জনগোষ্ঠী সন্মিলন,
গুৱাহাটী মহানগৰ জিলা সমিতি🙏

মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ শ্রী সঞ্জীৱ কুমাৰ হাজৰিকাই সাহিত্য আৰু সংস্কৃতিৰ বৰ পথাৰখনত যোৱা ২০০০ইং চনৰ পৰাই বিভিন্ন দিশত কৰ...
01/09/2026

মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ শ্রী সঞ্জীৱ কুমাৰ হাজৰিকাই সাহিত্য আৰু সংস্কৃতিৰ বৰ পথাৰখনত যোৱা ২০০০ইং চনৰ পৰাই বিভিন্ন দিশত কৰ্তব্য পালন কৰি আহিছে। তেখেতে কৃত্রিম বুদ্ধিমত্তাৰ (AI) জড়িয়তে ভাৰতবৰ্ষৰ ১৬ টা ভাষাত এটি গীত সৃষ্টি কৰি 'ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ'ত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছে ।
এই সাফল্যত " কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে" অতিশয় আনন্দিত অনুভৱ কৰাৰ লগতে যোৱা কালি সন্মিলনৰ মৰিগাঁও জিলাৰ বিষয়ববীয়া তেখেতৰ বাস-গৃহত উপস্থিত হৈ অভিনন্দন জনাই ।
আগন্তুক দিনত সংগীতৰ এই বিশাল ক্ষেত্ৰখনত তেখেতৰ জয়যাত্ৰা অব্যাহত থকাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।

আজি সন্ধিয়া কলিতা আলপাইন জনগোষ্ঠী সন্মিলন ৰ কেন্দ্ৰীয় সমিতিৰ এখন ৰ্ভাচুৱেল সভা অনুষ্ঠিত হয় ।                        স...
30/08/2026

আজি সন্ধিয়া কলিতা আলপাইন জনগোষ্ঠী সন্মিলন ৰ কেন্দ্ৰীয় সমিতিৰ এখন ৰ্ভাচুৱেল সভা অনুষ্ঠিত হয় ।  সভাত "অসম ভূমি আৰু ৰাজহ (সংশোধনী) বিধেয়ক-২০২৬" ৰ তীব্ৰ বিৰোধিতাৰে ধাৰাবাহিক আন্দোলনৰ চতুৰ্থলানি প্ৰতিবাদী কাৰ্যসূচী অহা সপ্তাহৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । তাৰোপৰি জিলা সমিতি, আঞ্চলিক সমিতি আৰু শাখা সমিতিৰ সাংগঠনিক দিশ সু-দৃঢ় কৰাৰ বাবে আজিৰ সভাই তত্বাবধায়ক আৰু জিলা সভাপতি-সাধাৰন সম্পাদক সকলক সক্ৰিয় হবলৈ আহ্বান জনাই । 
🙏জয়তু কলিতা আলপাইন জনগোষ্ঠী সন্মিলন🙏

যোৱা ২২ আগষ্ট ২০২৬ ইং তাৰিখে আমাক সকলোকে শোক সাগৰত পেলাই থৈ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত ...
29/08/2026

যোৱা ২২ আগষ্ট ২০২৬ ইং তাৰিখে আমাক সকলোকে শোক সাগৰত পেলাই থৈ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত বৰঙাবাৰী আঞ্চলিক সমিতিৰ সভাপতি সুশীল কাকতি (লক্ষী) বৈকুণ্ঠধামলৈ গতি কৰিছিল । 
আজি ২৯ আগষ্ট ২০২৬ ইং তাৰিখে মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা মণ্ডলী, সভাপতি-সাধাৰণ সম্পাদক আৰু আঞ্চলিক সমিতিৰ কিছু বিষয়ববীয়াই প্ৰয়াত সুশীল কাকতি (লক্ষী) ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ লগতে এটি জিলা সমিতিৰ লিখিত শোক বাৰ্তা প্ৰদান কৰে।
🙏ওঁ শান্তি🙏

28/08/2026

অসমত কলিতাৰ ভূমিৰ অধিকাৰ জন্মস্বত্ব অধিকাৰ।
🙏জয়তু কলিতা আলপাইন জনগোষ্ঠী সন্মিলন🙏

Address

Kamrup
Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Kalita Alpine Janagosthi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category