23/07/2022
মোৰ কলম
---------------
মোৰ কলম তুমি লিখা
এনে এটি গান
ঝংকৃত হয় য,ত
অসম আৰু অসমীয়াৰ
শান্তি সম্প্ৰীতি একতাৰ তান,
তুমি লিখা তেনে এটি গান ।
মোৰ কলম তুমি লিখা
এনে এটি প্ৰবন্ধ
প্ৰতিফলিত হয় য,ত
অসমীয়া জাতিৰ সত্তা
সদ্ভাৱ সদাচাৰ মুক্ত মনৰ
হাঁহি স্ফুৰতি মহা আনন্দ,
তুমি লিখা তেনে এটি প্ৰবন্ধ ।
মোৰ কলম তুমি লিখা
এনে এটি কাহিনী
প্ৰস্ফূটিত হয় য,ত
কনক মোজাম্মিল ছেমৰ দৰে শ্বহিদৰ
গৌৰৱ সন্মান গুণ বখানি ,
তুমি লিখা তেনে এটি কাহিনী ।
মোৰ কলম তুমি লিখা
এনে এটি কবিতা
অংকুৰিত হয় য,ত
বিশ্ব মানৱৰ
প্ৰেম প্ৰীতি পিষ্কলুষ মানৱতা
তুমি লিখা তেনে এটি কবিতা
,,অপেক্ষা,,কবিতা সংকলন ৰ পৰা তুলি দিয়া ।