Bhuban gam fan's club

Bhuban gam fan's club Social worker

ৰক্তদান মহান দান     এই বাণীলৈয়ে আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ প্ৰতিগৰাকী সদস্যই অনাগত দিনবোৰৰ দৰে আজিও মাজুলীৰ লুইতপৰীয়...
17/07/2026

ৰক্তদান মহান দান
এই বাণীলৈয়ে আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ প্ৰতিগৰাকী সদস্যই অনাগত দিনবোৰৰ দৰে আজিও মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তথা লাচন গাঁৱৰ নিৱাসী শ্ৰীযুতা মৃণালিনী গাম মিলিৰ শাহু মাতৃ শ্ৰীযুতা ওনেশ্বৰি মিলি আজি কেইবাদিনো ধৰি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসকৰ পৰামৰ্শ মতে আই মাতৃগৰাকীক কিছু ৰক্ত প্ৰয়োজন হোৱাত আমালুক ক্লাৱৰ সাধাৰণ সম্পাদক শ্ৰী ৰাহুল বৰাই চিকিৎসালয়ত উপস্থিত হৈ মাতৃ গৰাকীক ৰক্তদান কৰে। ৰক্ত দানৰ দৰে মহান কাম কৰাৰ বাবে আমাৰ তৰফৰ পৰা ৰাহুল বৰাক ধন্যবাদ জনাইছোঁ লগতে আই মাতৃ গৰাকীৰ স্বাস্থ্য সোনকালে সুস্থ হৈ উঠক তাৰেই কামনা কৰিলোঁ....

শ্ৰদ্ধাঞ্জলি......_________________________মাজুলীৰ ১ নং ফুলনি গাঁওৰ নিৱাসী তথা ফুলনি চাৰিআলিৰ ব্যৱসায়ী ৰাজু শইকীয়াৰ জেষ্...
13/07/2026

শ্ৰদ্ধাঞ্জলি......
_________________________

মাজুলীৰ ১ নং ফুলনি গাঁওৰ নিৱাসী তথা ফুলনি চাৰিআলিৰ ব্যৱসায়ী ৰাজু শইকীয়াৰ জেষ্ঠ পুত্ৰ তথা ভাৰতীয় জনতা পাৰ্টি(বিজেপি দল)ৰ সক্ৰিয় সদস্য পাৰ্থ প্ৰতীম শইকীয়া (মাইনা)ৰ অকাল মৃত্যুত আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ।

উদীয়মান যুৱক পাৰ্থ প্ৰতীম শইকীয়াৰ অমায়িক স্বভাৱে আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে অন্তৰত বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিছে।অতি কম বয়সৰ পৰাই পৰিয়াল তথা নিজৰ স্বাৱলম্বীতাৰ বাবে অক্লান্ত সংগ্ৰাম কৰি অহা পাৰ্থই দি থৈ গ'ল যুৱ প্ৰজন্মক জীৱন যুদ্ধ আৰু সংস্কাৰৰ বহু অনুপ্ৰেৰণা।

এই মহামৃত্যুত আপোন পৰিয়ালটিলৈ আমালোক ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। পাৰ্থ প্ৰতিম শইকীয়া পবিত্ৰ আত্মাই বৈকুণ্ঠত স্থান পাওঁক , তাকে প্ৰভুৰ শ্ৰীচৰণত আমাৰ প্ৰাৰ্থনা।


ওম: শান্তি।

শ্ৰদ্ধাঞ্জলি....____________মাজুলী সমাজ জীৱনৰ এক চিনাকি নাম, ঠাকুৰবাৰী গাঁৱৰ নিৱাসী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ...
11/07/2026

শ্ৰদ্ধাঞ্জলি....
____________
মাজুলী সমাজ জীৱনৰ এক চিনাকি নাম, ঠাকুৰবাৰী গাঁৱৰ নিৱাসী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট শিক্ষাবিদ, মাজুলী জিলা অনুসূচিত জাতি পৰিষদৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট সমাজ সংগঠক ভোলা দাস দেৱৰ আকস্মিক বিয়োগত আমালুক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ প্ৰতিজন সদস্যই মৰ্মাহত হৈছোঁ।
প্ৰয়াত ভোলা দাস দেৱৰ স্বৰ্গগামী আত্মাৰ সদগতি কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাই শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ আমালুক ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ সমৱেদনা জ্ঞাপন জনালোঁ ।

শ্ৰদ্ধাঞ্জলি....______________মাজুলী সমাজ জীৱনৰ এক চিনাকি নাম,পহুমৰা গাঁৱৰ নিৱাসী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী,...
10/07/2026

শ্ৰদ্ধাঞ্জলি....
______________
মাজুলী সমাজ জীৱনৰ এক চিনাকি নাম,পহুমৰা গাঁৱৰ নিৱাসী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সমাজকৰ্মী, ধৰ্মপৰায়ণ ব্যক্তি শ্ৰদ্ধাৰ প্ৰয়াত গোপাল শ‌ইকীয়াই আজি দূপৰীয়া প্ৰায় ১২.৪৫ বজাত ৯৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে । তেখেতৰ ঐকান্তিক প্ৰচেষ্টাত নিজা গাঁৱত অৰ্থাৎ পহুমৰা গাঁৱত ১৯৭৩ চনতে পহুমৰা মধ্য ইংৰাজী বিদ্যালয় আৰু ১৯৮৮ চনত পহুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰিছিল । তেখেতৰ মৃত্যু মাজুলীবাসীৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ মৃত্যুত মাজুলী জিলাৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । তেখেতৰ আত্মাৰ সদগতি বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰাও গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

শ্ৰদ্ধাঞ্জলি.....________________    মাজুলী জিলাৰ জামুৱনী গাঁৱৰ নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত ...
16/06/2026

শ্ৰদ্ধাঞ্জলি.....
________________

মাজুলী জিলাৰ জামুৱনী গাঁৱৰ নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত নৰনাথ শইকীয়া দেৱৰ বিয়োগৰ বাতৰিয়ে আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ প্ৰতিগৰাকী সদস্যকে অত্যন্ত মৰ্মাহত কৰিছে। তেখেতৰ মৃত্যু, মাজুলীৰ সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। ভগৱানৰ ওচৰত তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰা যোৱা কালি যোৰহাট বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বীৰ জোৱান সকলৰ আত্মাৰ চিৰশান্তি কা...
14/06/2026

ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰা যোৱা কালি যোৰহাট বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বীৰ জোৱান সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো তথা বীৰ জোৱান সকলৰ পৰিয়াল বর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

🙏

05/06/2026
আজি ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস।  কেৱল আজিৰ দিনটোতে পৰিৱেশৰ প্ৰতি সজাগতা দেখুৱাৰ বিপৰীতে , আমি প্ৰতিটো দিনতে পৰিৱেশৰ ...
05/06/2026

আজি ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস।
কেৱল আজিৰ দিনটোতে পৰিৱেশৰ প্ৰতি সজাগতা দেখুৱাৰ বিপৰীতে , আমি প্ৰতিটো দিনতে পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন হৈ একো একোজন ব্যক্তি হিচাপে নিজৰ দায়িত্ব পালন কৰো আহক ।
আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ 🌳
Bhuban Gam
Himanta Biswa Sarma

শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধেয়া মাতৃ প্ৰিয়দা গগৈৰ বিয়োগত আমালোক ...
03/06/2026

শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধেয়া মাতৃ প্ৰিয়দা গগৈৰ বিয়োগত আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ প্ৰতিজন সদস্যই গভীৰ শোক প্ৰকাশ কৰিছোঁ। সমাজহিতৈষী মাতৃগৰাকীৰ মৃত্যু সমাজৰ বাবে এক ডাঙৰ ক্ষতি। এই কঠিন সময়ত পুত্ৰ হিচাপে অখিল গগৈ ডাঙৰীয়া আৰু তেখেতৰ সমগ্ৰ পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। লগতে মাতৃ গৰাকীৰ প্ৰয়াত আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

ওঁম শান্তি।🙏

আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে  কন্দুৱাই আজি পুৱাই পৰলোকলৈ গমন কৰিলে মাজুলী সমষ্টিৰ কৰ্মদক্ষ বিধায...
31/05/2026

আমালোক ভূৱন গাম ফেনছ ক্লাৱৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে কন্দুৱাই আজি পুৱাই পৰলোকলৈ গমন কৰিলে মাজুলী সমষ্টিৰ কৰ্মদক্ষ বিধায়ক ভূৱন গাম ডাঙৰীয়াৰ ভিনদেউ তথা অৱসৰপ্ৰাপ্ত শিক্ষক কমলা ৰেগন দেৱে। সমাজ আৰু শিক্ষা জগতলৈ তেখেতে আগবঢ়াই যোৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব। বিধায়ক মহোদয়ৰ ভিনদেউৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।
ওঁম শান্তি 🙏

Address

Majuli
Majuli-Bongaon
45

Website

Alerts

Be the first to know and let us send you an email when Bhuban gam fan's club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category