22/04/2021
ইছলামত এনে কোনো নীতি নাই যাৰ দ্বাৰা মানুহৰ ক্ষতিগ্ৰস্ত হয়।
(আলহামদুলিল্লাহ😍)ইছলামত মহিলাৰ স্থান-
১) যদি মহিলা তোমাৰ মা হয় তেন্তে ইছলামে কয় সেই মহিলাৰ ভৰিৰ তলত তোমাৰ জান্নাত ।
২) যদি মহিলা তোমাৰ ছোৱালী হয় তেন্তে ইছলামে কয় ২-৩ জনী ছোৱালী লালন-পালন কৰাজনক আল্লাহে জান্নাতত দিব ।
৩) যদি মহিলা তোমাৰ স্ত্ৰী হয় তেন্তে ইছলামে কয় " পৃথিৱীৰ শ্ৰেষ্ঠ আৰু পবিত্ৰ বস্তুটো তোমাৰ স্ত্ৰী"।
লগতে এইটোও কয় তোমালোকৰ ভিতৰত তেওঁৱেই ভাল যি নিজৰ স্ত্ৰীৰ ওচৰত ভাল ।
৪) যদি মহিলা তোমাৰ ভন্টি বা বাইদেউ হয় তেন্তে ইছলামে কয় দাদা বা ভাইটি তাইৰ শ্ৰেষ্ঠত্ব ৰক্ষক ।
তাইৰ ওপৰত হাত নুতুলিবা ।
৫) ইছলামে কয় প্ৰতিগৰাকী মহিলাক নিজৰ ভন্টি বাইদেউৰ চকুৰে চাব । কামনাৰ চকুৰে চোৱাটো মহা পাপ।
৬) ইছলামে কয় বিধৱা আৰু আশ্ৰয়হীন মহিলাক সহায়ৰ হাত আগবঢ়োৱাজন গোটেই নিশা ইবাদত কৰা আৰু ৰোজা ৰখাৰ সমপৰিমানৰ পুন্য লাভ কৰে ।
৭) ইছলামে কয় যিয়ে orphan ছোৱালীৰ লালন-পালনৰ দায়িত্ব লয় মৃত্যুৰ পিছত তেওঁ নবী মুহাম্মদ (ছঃ) ৰ লগত একেলগে থাকিব ।
ইছলামত নাৰীৰ অধিকাৰ আৰু স্থানক লৈ সমসাময়িক ভাৰতবৰ্ষ তথা অসমত বিভিন্ন জনে বিভিন্ন কথাৰে তুচ্ছ-তাচ্ছিল্য কৰা সকল লৈ বিনম্ৰ অনুৰোধ ইছলামৰ ওপৰত কিবা কব লগা থাকিলে প্ৰথমতে ইছলামৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক পিছত আপোনাৰ মন্তব্য জনাওঁক।