08/03/2024
Assalamualaikum,
আজি 8 মাৰ্চ,"আন্তজাৰ্তিক নাৰী দিৱস"। গতিকে,বিশ্বৰ সকলো আই-মাতৃ তথা বাইদেউ-ভন্টিসকলক আন্তজাৰ্তিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা যাছিলো।
নাৰী বিষয়ক লৈ মই এটি কবিতা সকলোৰে মাজত আগবঢ়ালোঁ।যদি কিবা ভুল -ভ্ৰান্তি হয় ক্ষমা কৰিব।
কবিতাটিৰ হিৰোনাম------------
"নাৰী"
----------*---------*---------*----------
নাৰী শব্দটোই অৱহেলিত
কাৰণ,মই নাৰী
যাৰ জীৱনত কোনো স্বাধীনতাই নাই
কোনোবাই শুনিবনে-
মোৰ সোনৰ সজাঁত সাঁচি থোৱা
স্বপ্নপখীৰ কাহিনী
দিবনে অলপ সহাঁৰি
পিছে মোৰ সপোন দেখাৰ
অধিকাৰ নাই নেকি?
কিন্তু,কিয়?
কাৰণ, মই নাৰী
কোনোবাই শুনিবনে-
বুকুত জাগ্ৰত কপঁনিৰ ক্ৰন্দন ধ্বনি
ভংগ হৃদয়ৰ বেদনা
কোনোবাই নোমাব আহিবনে-
অন্তৰত জলি থকা জুইৰ দপদপনি
নাই, কোনো নাই
কাৰণ,নিৰৱতাই জীৱনৰ একমাত্ৰ সংগীস্বৰূপ
সংগ্ৰামময় জীৱনৰ, অক্লান্ত পিথক
বিষাদেৰে পৰিপূৰ্ণ জীৱন
পিছে পাম জানো বিচাৰি,
মোৰ হেৰাই যোৱা স্বপ্নবাটৰ ঠিকনা?
কাৰণ,মই নাৰী।
✍️ Rijuwana begum