MAYA BINI

MAYA BINI Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MAYA BINI, Real Estate, KARAKANI, North Lakhimpur.

04/12/2025

ছয় জনগোষ্ঠী জনজাতিকৰণৰ নামত আজি গোটেই অসমৰ যি পৰিস্থিতি, এইয়া অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে। আমি যেনেকৈ ইমান যুগ যুগ ধৰি মিলা প্ৰীতিৰে অসমত বাস কৰি আহিছোঁ, নিজকে গৌৰৱেৰে অসমীয়া বুলি পৰিচয় দি আহিছোঁ, এতিয়া কিন্তু কিছুমান দুষ্ট চক্ৰই আমাক নিজৰ নিজৰ মাজতে ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰি আমাক ধ্বংস কৰাৰ অপচেষ্টা চলোৱা যেন অনুভৱ হয়।
অসম বা অসমীয়া কেনেকৈ গঠন হৈছে বা অসমীয়াৰ সংজ্ঞা কি??? অসমীয়াৰ সংজ্ঞা বা অসমীয়াৰ পৰিচয় কোনো এক নিৰ্দিষ্ট জাতি বা জনগোষ্ঠী নেকি??? নিশ্চয় নহয়, কাৰণ আমি সৰুৰে পৰা কিতাবে পত্ৰই পঢ়ি আহিছোঁ যে অসমীয়া কোনো এক নিৰ্দিষ্ট জাতি বা জনগোষ্ঠী নহয়। ই অসমত বাস কৰা বড়ো, কাৰ্বি, ৰাভা, হাছং, দেউৰী, মিচিং, সোণোৱাল কছাৰী, কোঁচ ৰাজবংশী, মৰাণ মটক, চাহ জনগোষ্ঠী, আহোম, কলিতা, চুতীয়া (কোনোবা বাদ পৰিলে ক্ষমা প্ৰাৰ্থী) ইত্যাদি বিভিন্ন জাতি জনজাতিৰ সংমিশ্ৰণেৰে গঠিত এডাল এনাজৰী নহয় জানো। অসমীয়া সংস্কৃতি এই গোটেই জাতি জনজাতিৰ বিভিন্ন উপাদানেৰে গঠিত নহয় জানো।
আজি অত বছৰে আমি সকলো ভাই ককাই একেলগে গঢ়া অসমখন আজি কিয় টুকুৰা টুকুৰ হৈ পৰাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে???
কিয় অসমখন অশান্ত হোৱাৰ দিশে গতি কৰিছে??? জুবিন দাই কোৱাৰ দৰে -- "সোণেৰে সজোৱা পঁজা জহি খহি যায়, কোনে আহি সাজিবহি পাৰেহি দুনাই" । বিষ্ণু-জ্যোতিৰ জোনাকীৰ দেশ আজি কিয় থানবান হোৱাৰ দিশে??? এনেকৈ হৈ থাকিলে অসম বা অসমীয়া বুলি কিবা থাকিবগৈনে???

এখন গণতান্ত্ৰিক দেশত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি মাত মতাৰ অধিকাৰ সকলোৰে আছে, জাতীয়তাবাদ সকলোৰে থকাতো কাম্য। কিন্তু বেলেগৰ কথা নাভাবি নিজৰ সুবিধাৰ বাবেই সকলো কৰাটো জানো উচিত??? নিজৰ অধিকাৰ সাব্যস্ত কৰোঁতে বেলেগৰ অস্তিত্ব যদি হানি হয়, সেয়া জানো গ্ৰহণযোগ্য??? নিজৰ অধিকাৰ, নিজৰ অস্তিত্ব, নিজৰ ভাষা-সংস্কৃতি ক্ষতি হ'ব বুলি জানিও কোনোবা জানো নিমাত থাকিব পাৰে???
কথা কোৱাৰ অধিকাৰ সকলোৰে আছে, কথাবোৰ কিন্তু যুক্তিসংগত আৰু সমাজৰ হিতৰ পক্ষে হওঁক।সকলো সমস্যাৰ সমাধান আছে। সেইয়া আলোচনাৰ মাজেৰে সাংবিধানিক ভিত্তিত হোৱা ভাল। এনেকৈ মাৰা কটাৰ পৰিস্থিতি উপশম কৰি নহয়। আৰু সকলো কথাত ৰাজনীতি কৰা উচিত নহয়, অকল নিৰ্বাচন বা ভোটৰ অংকৰে সকলো সমস্যাৰ সমাধান কৰা নাযায়। কোনোবা জনগোষ্ঠীৰ অধিক ভোটাৰ আছে, কোনোবা জনগোষ্ঠীৰ ক'ম ভোটাৰ আছে বুলি যদি বেলেগকে ৰাজনীতি কৰে, কেৱল ভোটৰ অংকৰে কথা যদি চিন্তা কৰি সকলো কাম কৰে তেন্তে দেশৰ ভৱিষ্যত কি হ'ব ??? দেশৰ আৰ্থ-সামাজিক উন্নতি, ঐক্যতা, অখণ্ডতা, প্ৰগতি আৰু শান্তিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। গতিকে এক নিৰপেক্ষ আৰু সাংবিধানিক সমাধান উলিয়াওঁক যাতে কাৰো কোনোধৰণৰ ক্ষতি নহয়। যাতে কোনো এক জাতি জনগোষ্ঠীৰ আগ্ৰাসনত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনজাতিৰ বিলুপ্ত নহয়।

  🫶
04/12/2025

🫶

03/12/2025

খুজিলে অধিকাৰ কোনেও নিদিয়ে
কাঢ়ি আনিব লাগিব সুস্থ, বলিষ্ঠ আপোচহীন সংগ্ৰামেৰে ✊🏻
অতি শীঘ্ৰেই মিছিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছো অন্যতা আগন্তুক নিৰ্বাচনত ইয়াৰ পৰিণাম ভূগিব লাগিব ।
No Sixth schedule no rest ✊
Mísíng réngam Irroí ✊ #

Address

KARAKANI
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when MAYA BINI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category